ভাৰতে বাওঁপন্থী সন্ত্ৰাসবাদৰ বিপক্ষে দীৰ্ঘদিন ধৰি চলাই থকা যুঁজৰ মাজতে কালি নিৰাপত্তা বাহিনীয়ে চত্তিশগড়ৰ দক্ষিণ বাষ্টাৰৰ-ডাণ্ট্ৰেৱাড়া জিলাত ৬টা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে। নিৰাপত্তা বাহিনীয়ে মাংগানাৰ পথত পুতি থোৱা এটা আই ই ডিও সফলতাৰে নিষ্ক্রিয় কৰে। মাংগানাৰ পথৰ সমীপত সন্দেহজনক মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা বাহিনীৰ পৰা তথ্য লাভ কৰাৰ পাছতেই বাৰচুৰ আৰক্ষী থানা, জিলা সংৰক্ষিত বাহিনী আৰু চি আৰ পি এফ এলেকাটোত যুটীয়াভাৱে অভিযান আৰম্ভ কৰে। অঞ্চলটোত মাওবাদী প্ৰভাৱ সম্পূৰ্ণৰূপে নাইকীয়া কৰাৰ বাবে চলাই থকা প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ উদ্দেশ্যে এই অভিযান চলোৱা হৈছিল। উল্লেখযোগ্য যে, চলিত বছৰতে ডাণ্টেৱাড়াত বাওপন্থী উগ্রবাদ বিৰোধী অভিযান আৰু পুনৰ সংস্থাপন কাৰ্যসূচীৰ জৰিয়তে কেইবাটাও আত্মসমৰ্পন আৰু গ্ৰেপ্তাৰৰ ঘটনা সংঘটিত হয়।
Assamese | October 12, 2025 11:22 AM | Chhattisgarh Mao Badi
নিৰাপত্তা বাহিনীয়ে চত্তিশগড়ৰ দক্ষিণ বাষ্টাৰৰ-ডাণ্ট্ৰেৱাড়া জিলাত ৬টা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে