মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৫ জনীয়া এটা প্ৰতিনিধি দলৰ সৈতে আলোচনাত ভাগ লয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই ভাগ লোৱা আলোচনাত বড়ো ছাত্র সংগঠনটোৱে চৰকাৰক ২০২৬ৰ পূৰ্বে বিটিআৰ চুক্তি ৰূপায়ণ, বিটিআৰৰ সকলো বিদ্যালয় প্ৰাদেশিকীকৰণকে ধৰি কেইবাটাও দাবী জনায়। ছাত্র সংগঠনটোৰে হোৱা আলোচনাত মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা বড়োলেণ্ডত অসমীয়াৰ লগতে বড়ো ভাষাতো চৰকাৰী জাননী প্রকাশ হ’ব বুলি আশ্বাস প্ৰদান কৰে। আলোচনাৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই এই আলোচনা সৌহাদ্যপূর্ণ বুলি মন্তব্য কৰে।
Assamese | July 6, 2025 8:51 PM | Assam CM with ABSU
নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৫ জনীয়া প্ৰতিনিধি দলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বৈঠক