মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুছিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপছিক’ৰ আলু চিপছ প্রস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৭৭৮ কোটি টকা ব্যয়সাপেক্ষে বানেকুছিৰ ১২০ বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে ১০ হাজাৰ মেট্রিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নির্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত ২০০ গৰাকী যুৱক-যুৱতীক প্রত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন ৫০০ গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। কোম্পানীটোত ৭৫ শতাংশ মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ৬০ শর্মাই কয় যে বর্তমান সময়ত এই উদ্যোগটোৰ বাবে ৩০ হাজাৰ মেট্রিক টন আলুৰ প্ৰয়োজন হ’ব আৰু ২০৩০ চনৰ ভিতৰত এই প্রয়োজন ৭০ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাব। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা আলু প্রথম অৱস্থাত পশ্চিম বংগ আৰু গুজৰাটৰ পৰা অনা হ’ব যদিও পৰৱৰ্তী সময়ত অসমতে প্রয়োজনীয় আলু খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।
বিগত সময়ছোৱাত ৰাজ্যখনত ৩ লাখ কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত ১ লাখ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে। অসমত আৰু অধিক কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ স্থাপন কৰা হ’ব বুলি প্রকাশ কৰি ৰাজ্যখনক নতুনকৈ সজোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। তেওঁ কয় যে পেপছিক’ৰ এই উদ্যোগে ৰাজ্যৰ কৃষক আৰু বজাৰ ব্যৱস্থাৰ মাজত শক্তিশালী সংযোগৰ শুভাৰম্ভণি কৰিলে। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ ৭ হাজাৰ কৃষক উপকৃত হ’ব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।
অনুষ্ঠানত টিছৰ বিধায়ক তথা প্রাক্তন মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, পেপচিক’ৰ দক্ষিণ এছিয়াৰ মুখ্য কার্যবাহী বিষয়া জাগ্রত কটেছাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।