September 10, 2026 7:24 PM

views 6

নলবাৰী বানেকুছিত পেপছিক’ৰ আলু চিপছ প্রস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুছিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপছিক'ৰ আলু চিপছ প্রস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৭৭৮ কোটি টকা ব্যয়সাপেক্ষে বানেকুছিৰ ১২০ বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে ১০ হাজাৰ মেট্রিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নির্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত ২০০ গৰাকী যুৱক-যুৱতীক প্রত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন ৫০০ গৰাকী লো...