নতুন দিল্লীৰ লালকিল্লাত কাইলৈৰ পৰা ১৩ ডিচেম্বৰলৈকে বিমূর্ত সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ বাবে থকা আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিবেশন আয়োজন কৰা হৈছে। ভাৰতে এই বছৰ ইউনোস্ক’ৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্য তালিকাৰ বাবে পোহৰৰ উৎসৱ দীপাৱলীক মনোনীত কৰিছে। কেন্দ্রীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাবটে কয়, যে পূর্বে স্বতন্ত্র মূল্যায়ন গোটে পৰীক্ষা কৰা এই প্ৰস্তাৱটো চলিত অধিবেশনত আলোচনা কৰা হ’ব আৰু ইয়াৰ এটা ইতিবাচক ফলাফল লাভ কৰিব বুলি চৰকাৰ দৃঢ় বিশ্বাসী। ছদিনীয়াকৈ হ’বলগীয়া এই অনুষ্ঠানত ইউনেস্ক’ৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাৰ বাবে বিভিন্ন ৰাষ্ট্ৰই দাখিল কৰা মনোনয়নসমূহ পৰীক্ষা কৰাৰ লগতে বৰ্তমানৰ তালিকাভুক্ত উপাদানসমূহৰ পৰ্যালোচনা কৰা হ’ব। ইয়াৰ লগতে এই ঐতিহ্য ৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্য প্রদানৰ বিষয়টো আলোচনা কৰা হ’ব।
Assamese | December 7, 2025 8:38 PM | Red Fort Heritage Culture
নতুন দিল্লীৰ লালকিল্লাত বিমূর্ত সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ আন্তঃ চৰকাৰী সমিতিৰ ২০ সংখ্যক অধিবেশন আয়োজন