উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত, ভাৰতৰ V.I.P. সংস্কৃতি: ক্ষমতা, বিশেষাধিকাৰ আৰু গণতন্ত্ৰৰ পৰা দূৰত্ব শীর্ষক এখনি গ্রন্থ উন্মোচন কৰে। উন্মোচনী সভাত ভাষণ দি ৰাধাকৃষ্ণনে কয় যে এই গ্রন্থখনত ক্ষমতাৰ প্ৰতিষ্ঠান আৰু সাধাৰণ নাগৰিকৰ মাজত প্ৰায়ে থকা দূৰত্বৰ বিষয়ে উল্লেখ আছে আৰু জনকেন্দ্ৰিক শাসনৰ জৰিয়তে এই ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। তেওঁ কয় যে এই প্রকাশনে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ পৰিচয়ক উজ্জ্বল কৰি তুলিছে, একে সময়তে ন্যায়, সমতা আৰু স্বাধীনতাৰ সাংবিধানিক আদৰ্শক পুনৰ দৃঢ় কৰিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে সমসাময়িক গণতান্ত্রিক প্রত্যাহ্বানসমূহক দেশৰ চিৰস্থায়ী গণতান্ত্ৰিক পৰম্পৰাৰ সৈতে সংযোগ কৰি গ্ৰন্থখনে পাঠকসকলক ঐতিহাসিক দৃষ্টিভংগী আৰু নৈতিক অন্তর্দৃষ্টি প্রদান কৰিব। গণতান্ত্রিক মূল্যবোধক শক্তিশালী কৰাৰ লগতে শাসন ব্যৱস্থা যাতে জনসাধাৰণৰ সৈতে ঘনিষ্ঠভাৱে সংযুক্ত হৈ থাকে তাৰ বাবে এনে প্রতিফলন গুৰুত্বপূৰ্ণ বুলিও তেওঁ লগতে উল্লেখ কৰে।
Assamese | June 24, 2026 8:21 PM | Book Release
নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ গ্রন্থ উন্মোচন