জনজাতীয় গৌৰৱ দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আজিৰেপৰা দুদিনীয়া ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত ভাৰতৰ চহকী সাহিত্যৰ ধাৰা, থলুৱা ভাষা আৰু কথিত আখ্যান আদিত আলোকপাত কৰাৰ লগতে ভাৰতীয় সাহিত্য সম্ভাৰলৈ জনজাতীয় লেখক, কবি, কাহিনী-কথক আৰু বুদ্ধিজীৱীসকলৰ অৱদান সন্দৰ্ভত আলোচনা কৰা হ’ব। জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল অ’ৰামে এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰিব। জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ অধীনত গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত জনজাতীয় সম্প্ৰদায়ৰ কবি, সাহিত্যিক, গৱেষক, ভাষাবিদ, শিক্ষাবিদ আৰু সাংস্কৃতিক কর্মীসকলে অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে দেশৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া জনজাতীয় নেতা ভগৱান বীৰচা মুণ্ডাৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি যোৱা ১ নৱেম্বৰৰ পৰা দেশজুৰি জনজাতীয় গৌৰৱ পষেকৰ আয়োজন কৰা হৈছে। অহা ১৫ নৱেম্বৰত বীৰচা মুণ্ডাৰ জয়ন্তীৰ দিনা এই কাৰ্যসূচীৰ সামৰণি পৰিব।
দিৱসৰ সৈতে সংগতি ৰাখি জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অন্তৰ্গত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত কামৰূপ জিলাৰ ২১৫টা পৰিয়াল আৰু ১৯টা ৰাজহুৱা অনুষ্ঠানক কালি ভূমিস্বত্ব পত্ৰ বিতৰণ কৰা হয়। আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্রী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত বকো, পলাশবাৰী আৰু হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ বন বিভাগৰ ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰা লোকসকলক ভূমিস্বত্ব পত্ৰ প্ৰদান কৰা হয়।