নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কাইলৈ নির্বাচনী অধিসূচনা জাৰি

অহা ৬ অক্টোবৰত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে কাইলৈ নির্বাচনী অধিসূচনা জাৰি কৰা হ’ব। ৰাজ্যিক মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্রকাশ কৰি কয়, যে উপ-নির্বাচনৰ বাবে সমষ্টিটোত দুহেজাৰ ৩৩০টা ভোটকেন্দ্র সাজু কৰি তোলা হৈছে। অহা ১৫ ছেপ্তেম্বৰত প’লিং-প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ’ব বুলি তেওঁ কয়।

নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্রশাসনে যাবতীয় প্রস্তুতি গ্রহণ কৰিছে। উপ-নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নির্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পর্যালোচনা কৰাৰ উদ্দেশ্যেৰে আজি মৰিগাঁও জিলা আযুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নির্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নির্বাচনী প্রক্রিয়া যাতে স্বচ্ছ, শান্তিপূর্ণ হয় তাৰ বাবে সকলো বিভাগকে সমন্বয়ৰে কাম কৰিবলৈ সভাত পৰামৰ্শ আগবঢ়াব। ভোটগ্রহণৰ দিনটোৰ পূর্বে ভোটকেন্দ্রসমূহত প্রয়োজনীয় সা সুবিধা, নিৰাপত্তা আৰু অন্যান্য আনুষংগিক ব্যবস্থা নিশ্চিত কৰাৰ লগতে নিৰ্বাচনৰ প্ৰতিটো পৰ্যায় সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নির্দেশ দিয়ে।

উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ আৰু বঢ়মপুৰক সামৰি সমগ্ৰ নগাঁও জিলাত জন প্রতিনিধিত্ব আইনৰ ধাৰা ১২৭ (ক)ৰ অধীনত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই নির্বাচন সংক্রান্তীয় যিকোনো প্ৰচাৰ পত্ৰ ছপোৱাৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি কৰিছে। নিদের্শনা অনুসৰি প্ৰতিখন প্ৰচাৰ পত্ৰত প্ৰকাশক আৰু মুদ্ৰকৰ নাম উল্লেখ থাকিব লাগিব। অকর্তৃশীলভাবে আৰু আপত্তিজনক বিষয়ত কোনো প্ৰচাৰ ছপাব আৰু বিতৰণ কৰিব নোৱাৰিব। ছপাশালসমূহে সকলো ৰাজনৈতিক পত্র, পোষ্টাৰ আদি ছপাৰ তথ্য পঞ্জীয়ন বহীত লিখি ৰাখিব লাগিব। ইয়াৰ লগতে জিলাখনত অসামৰিক ব্যক্তিৰ হাতত থকা অনুজ্ঞাপত্র প্রাপ্ত সকলো আগ্নেয়াস্ত্র সংশ্লিষ্ট থানাত তাৎক্ষণিকভাবে জমা দিবলৈ নির্দেশ দিয়া হৈছে। উপ-নির্বাচন উপলক্ষে প্রশাসনে ২৪ ঘণ্টাই কার্যক্ষম হৈ থকাকৈ এটা নিয়ন্ত্রণ কক্ষও স্থাপন কৰা হৈছে।

উল্লেখযোগ্য যে উপ-নির্বাচনত প্রায় ১৯ লাখ ৭ হাজাৰ ২০৯ গৰাকী ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে- ধিং, ৰূপহীহাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্রৱা সমষ্টি। আনহাতে, মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি।