September 8, 2026 7:46 PM
8
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে কাইলৈ নির্বাচনী অধিসূচনা জাৰি
অহা ৬ অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে কাইলৈ নির্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্রকাশ কৰি কয়, যে উপ-নির্বাচনৰ বাবে সমষ্টিটোত দুহেজাৰ ৩৩০টা ভোটকেন্দ্র সাজু কৰি তোলা হৈছে। অহা ১৫ ছেপ্তেম্বৰত প'লিং-প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়। নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্রশাসনে যাবতীয় প্রস্তুতি গ্রহণ কৰিছে। উপ-নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে ন...