September 9, 2026 7:53 PM | Lok Sabha Bye-Election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নির্বাচনী অধিসূচনা জাৰি

অহা ৬ অক্টোবৰত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি ৰাজ্যিক নির্বাচন আয়োগে নির্বাচনী অধিসূচনা জাৰি কৰে। অধিসূচনা অনুযায়ী অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধার্য কৰাৰ লগতে এইসমূহ পৰীক্ষণৰ বাবে ১৭ ছেপ্তেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ১৯ ছেপ্তেম্বৰ আৰু ভোটগ্রহণৰ তাৰিখ ৬ অক্টোবৰ বুলি উল্লেখ কৰাৰ লগতে ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, উপ নির্বাচনটোত মুঠ ১৯ লাখ ৭ হাজাৰ ২০৯ গৰাকী ভোটদাতাই এহেজাৰ ৩৩৯টা ভোটকেন্দ্ৰৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিব। লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ ৮টা বিধানসভা সমষ্টি আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলা দুখনত নির্বাচনী আচৰণবিধি বলবৎ কৰা হৈছে। অহা ১৫ ছেপ্তেম্বৰত প’লিং-প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ’ব বুলি নির্বাচন আয়োগে জানিবলৈ দিছে।

ইফালে, নির্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি গ্রহণ কৰিছে। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ উপস্থিতিত আজি ব্যবস্থাগত ভোটদান আৰু নিৰ্বাচনী অংশগ্রহণ চমুকৈ ছুইপ কাৰ্যসূচীৰ অংশহিচাপে নগাঁও বিশ্ববিদ্যালয়ত সজাগতা কার্যসূচী অনুষ্ঠিত হয়। আয়ুক্তগৰাকীয়ে প্রতিজন যোগ্য নাগৰিককে উপ নির্বাচনটোত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

মৰিগাওঁ জিলাৰ আয়ুক্ত সৃষ্টি সিঙেও আজি এই সন্দর্ভত এখন সংবাদ মেল অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত নির্বাচন সম্পর্কীয় বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত আলোকপাত কৰে। তেওঁ ভোটদাতাসকলৰ মাজত সজাগতা বৃদ্ধি তথা সঠিক তথ্য প্রদানৰ বাবে সংবাদ মাধ্যমৰ সক্রিয় সহযোগিতা কামনা কৰে। নির্বাচনী প্রক্রিয়া অধিক স্বচ্ছ, বিশ্বাসযোগ্য আৰু অংশগ্রহণমূলক কৰি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম বুলি জিলা আয়ুক্তগৰাকীয়ে মন্তব্য কৰে।