প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ ত্রিবেদীয়ে কয়, যে দৈনন্দিন কর্মক্ষেত্ৰত বৰ্তাই ৰখা স্বচ্ছতা, ন্যায়- নিষ্ঠা, দায়বদ্ধতা আৰু সততাই একোটা প্রতিষ্ঠানক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মনত ইয়াৰ প্ৰতি থকা আস্থাও সুদৃঢ় হয়। তদাৰকী সজাগতা সপ্তাহৰ সৈতে সংগতি ৰাখি তেওঁ কয়, যে প্ৰচাৰ ভাৰতীৰ ক্ষেত্ৰত সততা আৰু নৈতিকতাৰ আদৰ্শ কেৱল সতর্কতামূলক প্ৰক্ৰিয়াৰ মাজতে সীমাৱদ্ধ নহয়, বৰঞ্চ সিদ্ধান্ত গ্ৰহণৰ পদ্ধতি, ৰাজহুৱা সম্পদৰ পৰিচালনা, উপযুক্ত প্ৰক্ৰিয়াৰ অনুসৰণ, নথি-পত্ৰ সংৰক্ষণ আৰু দেশৰ ৰাজহুৱা সেৱাৰ সম্প্ৰচাৰক হিচাপে যথাযথভাৱে দায়িত্ব পালন কৰাৰ জৰিয়তেও ইয়াৰ প্ৰতিফলন ঘটে।
তেওঁ লগতে প্ৰতিৰোধমূলক সতর্কতাৰ বাবে সংশ্লিষ্ট ব্যৱস্থাসমূহৰ ধাৰাবাহিক উন্নয়ন এৰাই চলিব পৰা বিবেচনাধীন ক্ষমতাৰ প্ৰয়োগ হ্রাস, দায়বদ্ধতা সুদৃঢ়কৰণ আৰু কাম- কাজসমূহ অধিক স্বচ্ছ কৰি তুলিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ অপৰিহাৰ্য বুলিও মত প্রকাশ কৰে।
তদাৰকী সজাগতা সপ্তাহৰ মূল বিষয়বস্তু – ‘সততাৰ জৰিয়তে সমৃদ্ধি’ৰ প্ৰসংগ উল্লেখ কৰি ইয়াত কেৱল এসপ্তাহৰ আনুষ্ঠানিকতাৰ মাজতে সীমাবদ্ধ নাৰাখি দৈনন্দিন কর্মসংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলা উচিত বুলি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে মত প্ৰকাশ কৰে। প্ৰচাৰ ভাৰতী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যকে সততা আৰু পেছাদাৰী আচৰণৰ সৰ্বোচ্চ মান ৰক্ষা কৰি নিজৰ দায়ৱদ্ধতা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিবলৈকো তেওঁ আহ্বান জনায়।
দেশৰ আন অংশৰ লগতে অসমতো আজিৰে পৰা তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছে। স্বচ্ছ, নিকা, দায়বদ্ধ দুনীর্তিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতিবছৰে এই সপ্তাহ পালন কৰা হয়। এইবাৰ এই সপ্তাহৰ মূল বিষয়বস্তু হৈছে ‘সততাৰ জৰিয়তে সমৃদ্ধি’। এই সপ্তাহৰ অংশ হিচাপে মন্ত্ৰালয়, বিভাগ, ৰাজহুৱা প্ৰতিষ্ঠান, বেংক আৰু আন সংস্থাৰ কৰ্মচাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শপতবাক্য পাঠ কৰোৱা হ’ব।