October 26, 2026 3:11 PM

views 2

দৈনন্দিন কর্মক্ষেত্ৰত বৰ্তাই ৰখা স্বচ্ছতা, ন্যায়-নিষ্ঠা, দায়বদ্ধতা আৰু সততাই একোটা প্রতিষ্ঠানক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মনত ইয়াৰ প্ৰতি থকা আস্থাও সুদৃঢ় হয়ঃ গৌৰৱ ত্রিবেদী

প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ ত্রিবেদীয়ে কয়, যে দৈনন্দিন কর্মক্ষেত্ৰত বৰ্তাই ৰখা স্বচ্ছতা, ন্যায়- নিষ্ঠা, দায়বদ্ধতা আৰু সততাই একোটা প্রতিষ্ঠানক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মনত ইয়াৰ প্ৰতি থকা আস্থাও সুদৃঢ় হয়। তদাৰকী সজাগতা সপ্তাহৰ সৈতে সংগতি ৰাখি তেওঁ কয়, যে প্ৰচাৰ ভাৰতীৰ ক্ষেত্ৰত সততা আৰু নৈতিকতাৰ আদৰ্শ কেৱল সতর্কতামূলক প্ৰক্ৰিয়াৰ মাজতে সীমাৱদ্ধ নহয়, বৰঞ্চ সিদ্ধান্ত গ্ৰহণৰ পদ্ধতি, ৰাজহুৱা সম্পদৰ পৰিচালনা, উপযুক্ত প্ৰক্ৰিয়াৰ অনুসৰণ, নথি-পত্ৰ সংৰক্ষণ আৰু দেশৰ ৰাজহুৱা সেৱাৰ...