November 4, 2025 11:57 AM

views 71

সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সমগ্ৰ দেশৰ ২৪টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ অনুষ্ঠিত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সন্মিলনে দেশৰ চহকী সংগীত ঐতিহ্যৰ সংৰক্ষণ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয়, যে কোৱিড-১৯ মহামাৰীৰ বাবে কিছু বছৰ এই সংগীত সন্মিলন বন্ধ ৰখাৰ পাছত এইবেলি নতুন ৰূপত...

March 16, 2025 7:58 PM

views 40

হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে প্ৰচাৰ ভাৰতীক সন্মানিত

প্ৰচাৰ ভাৰতীক কালি নতুন দিল্লীত অনুষ্ঠিত হকী ইণ্ডিয়া সপ্তম বার্ষিক বঁটা ২০২৪ ৰ হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে সন্মানিত কৰা হৈছে। সমগ্ৰ দেশতে হকীৰ প্ৰচাৰ আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰ ভাৰতীৰ অক্লান্ত প্ৰচেষ্টাক সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত হকী ইণ্ডিয়াই ১৯৭৫ চনৰ বিশ্বকাপৰ বিজয়ী সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ লগতে হকী ইণ্ডিয়াৰ মেজৰ ধ্যানচন্দ জীৱনযোৰা সাধনা বঁটা আৰু নগদ ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে।

November 26, 2024 11:57 AM

views 46

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাত ৰেইলৱায়াৰ ব্ৰডবেণ্ডত ‘ফ্রিডম প্লান’ আৰম্ভ

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাৰে ৰেইলৱায়াৰ ব্ৰডবেণ্ডত 'ফ্রিডম প্লান' আৰম্ভ কৰা হৈছে। কালি নতুন দিল্লীত এটা অনুষ্ঠানত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু ৰেইলটেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জয় কুমাৰে এই পৰিকল্পনা উন্মোচন কৰে। এই উপলক্ষে ভাষণ দি দ্বিবেদীয়ে কয় যে দেশে ডিজিটেল বিপ্লৱক আঁকোৱালি লোৱাৰ সময়ত WAVES OTT প্লেটফৰ্ম প্ৰসাৰ ভাৰতীৰ বাবে এক পৰিৱৰ্তনশীল মাধ্যম। ই ভাৰতক বৃহত তথা বৈচিত্রময় দৰ্শকৰ সৈতে অভূতপূর্বভাৱে সংযোগ স্থাপনৰ সুবিধা প্ৰদ...