প্ৰচাৰ ভাৰতীক কালি নতুন দিল্লীত অনুষ্ঠিত হকী ইণ্ডিয়া সপ্তম বার্ষিক বঁটা ২০২৪ ৰ হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে সন্মানিত কৰা হৈছে। সমগ্ৰ দেশতে হকীৰ প্ৰচাৰ আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰ ভাৰতীৰ অক্লান্ত প্ৰচেষ্টাক সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত হকী ইণ্ডিয়াই ১৯৭৫ চনৰ বিশ্বকাপৰ বিজয়ী সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ লগতে হকী ইণ্ডিয়াৰ মেজৰ ধ্যানচন্দ জীৱনযোৰা সাধনা বঁটা আৰু নগদ ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে।
Assamese | March 16, 2025 7:58 PM | Hocky India | Prasar Bharati
হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে প্ৰচাৰ ভাৰতীক সন্মানিত