March 16, 2025 7:58 PM

views 48

হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে প্ৰচাৰ ভাৰতীক সন্মানিত

প্ৰচাৰ ভাৰতীক কালি নতুন দিল্লীত অনুষ্ঠিত হকী ইণ্ডিয়া সপ্তম বার্ষিক বঁটা ২০২৪ ৰ হকী ইণ্ডিয়া জামানলাল শৰ্মা বঁটা ২০২৪ ৰে সন্মানিত কৰা হৈছে। সমগ্ৰ দেশতে হকীৰ প্ৰচাৰ আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচাৰ ভাৰতীৰ অক্লান্ত প্ৰচেষ্টাক সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত হকী ইণ্ডিয়াই ১৯৭৫ চনৰ বিশ্বকাপৰ বিজয়ী সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ লগতে হকী ইণ্ডিয়াৰ মেজৰ ধ্যানচন্দ জীৱনযোৰা সাধনা বঁটা আৰু নগদ ৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে।

November 4, 2024 12:40 PM

views 92

চেন্নাইত আজিৰে পৰা চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ

চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত আজি চতুৰ্দশ পুৰুষৰ হকী ইণ্ডিয়া ছিনিয়ৰ চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। ১৬ নৱেম্বৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত ৩১টা দলে ভাগ ল'ব। এই দলসমূহক ৮টা পুলত ভাগ কৰা হ'ব। লীগ পৰ্যায়ত দলসমূহে নিজৰ পুলৰ প্ৰতিযোগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিটো পুলত শীৰ্ষস্থান লাভ কৰা দলকেইটাই ১৩ নৱেম্বৰত হ'বলগীয়া কোৱাৰ্টাৰ ফাইনেল খেলত অৱতীৰ্ণ হোৱাৰ যোগ্যতা লাভ কৰিব। ১৫ নৱেম্বৰত ছেমি ফাইনেলৰ খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ আৰম্ভণিৰ এখন খেল উত্তৰ প্ৰদেশ হকী আৰু কেৰালা হকী দলৰ মাজত অনুষ্ঠ...