■ বিজেপিৰ নতুন দিল্লীত থকা মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সংসদীয় পৰিষদৰ অন্যান্য সদস্যসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৈঠকত প্ৰধানকৈ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা হোৱাৰ কথা আছে।
যোৱা ৬ আগষ্টত শাসনাধিষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা-এন ডি এৰ নেতাসকলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাক দায়িত্ব দিয়াৰ ক্ষেত্ৰত সর্বসম্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰিছিল। উল্লেখযোগ্য যে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা অহা বৃহস্পতিবাৰ ধাৰ্য্য কৰা হৈছে। ৯ ছেপ্তেম্বৰত এই নির্বাচন অনুষ্ঠিত হ’ব। জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিততেই এই নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে।
Assamese | August 17, 2025 8:04 PM | Akashvani News | BJP | BJP meeting | Delhi
দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলৰ সংসদীয় পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক