দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ পৰ্যালোচনা বৈঠক

দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, আই টি আই আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ উদ্যোগীক প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ জ্যেষ্ঠ অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ উপ-নিয়োগ সঞ্চালক, সহকাৰী নিয়োগ সঞ্চালক তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব ড০ ওম প্রকাশে আদৰণি ভাষণ দিয়ে। বৈঠকত এই বিভাগৰ অধীনৰ হস্তশিল্প আৰু নিয়োগ সঞ্চালকালয়, অসম দক্ষতা বিকাশ অভিযান, অসম দক্ষতা বিশ্ববিদ্যালয় আৰু নিয়োগ শাখাৰ কাৰ্যপ্রণালী তথা মুখ্য সফলতাসমূহহৰ বিষয়ে বিতংভাবে আলোচনা কৰা হয়। তদুপৰি বিগত তিনি বছৰত আই টি আইৰ নামভর্তি, বিধানসভা সমষ্টিসমূহৰ অধীনত এই প্রতিষ্ঠানত আসনৰ সুবিধা, নিয়োগ বিনিময় কেন্দ্রসমূহক জিলা যুৱ কল্যাণ কেন্দ্রলৈ ৰূপান্তৰ কৰি শক্তিশালী কৰাকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিষয় আলোচনা কৰা হয়। মন্ত্রী শ্রী দৈমাৰীয়ে উত্তৰ-পূব দক্ষতা কেন্দ্র, চি এম ফ্লাইট আঁচনি আৰু বিভাগৰ অন্যান্য মুখ্য পদক্ষেপসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জিলা পৰ্যায়ৰ বিষয়াসকলক অধিক সক্ৰিয়তাৰে দায়িত্ব পালন কৰিবলৈ আৰু ফলাফল ভিত্তিক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ, সংস্থাপনৰ সুযোগ আৰু উদ্যমিতাৰ সম্ভাৱনা বৃদ্ধিৰ বাবে আই টি আই আৰু নিয়োগ বিনিময় কেন্দ্রসমূহে সম্মিলিত তথা লক্ষ্য ভিত্তিক প্রচেষ্টা চলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।