তেজপুৰ লিচু উৎসৱৰ আজি সামৰণি

তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্পেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ ৫২ লাখ টকা পর্যন্ত আর্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্রহণ কৰা হ’ব বুলি প্রকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ ১০ হাজাৰ পৰিয়ালৰ মাজত ২০ হাজাৰ উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ’ব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্রিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্রশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্রধানমন্ত্রীলৈ জিলা প্রশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কালি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্রকাশ কৰা এটা স্মাৰক ডাক ক’ভাৰ আৰু ড০ ভূপেন শইকীয়াৰ সম্পাদনাত প্রকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত ১০ গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়।