তামিলনাডুৰ চতুৰ বিৰুধু নগৰ জিলাৰ এটা ফটকাৰ কাৰখানাত আজি হোৱা বিস্ফোৰণৰ ফলত ৫জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৩জন লোক গুৰুতৰভাৱে আহত হয়। এই কাৰখানাত ২০টা কোঠাত ৫০জনতকৈ অধিক লোকে কাম কৰিছিল। আহত ব্যক্তিকেইজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নি নির্বাপন বাহিনীয়ে ঘটনাস্থলীৰ পৰা বাকী থকা কৰ্মচাৰীসকলক সুকলমে বাহিৰ কৰিবলৈ সক্ষম হয়।
Assamese | July 1, 2025 7:37 PM | Tamilnadu Blast
তামিলনাডুত ফটকাৰ কাৰখানাত হোৱা বিস্ফোৰণত ৫জন লোক থিতাতে নিহত