ডিব্ৰুগড়ত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ কেইবাটাও কার্যসূচীত অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি ডিব্ৰুগড়ত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপাল শ্রী আচার্য জিলাখনৰ মনোহাৰি চাহবাগিচাত চাহ জনগোষ্ঠীয় মহিলা আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ অনুষ্ঠানত মিলিত হয়। তেওঁ কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাবে প্রাধান্য দি আহিছে। জনগোষ্ঠীটোৰ লোকসকলৰ শৈক্ষিক আৰু সামগ্রিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও ৰাজ্যপাল শ্রী আচার্যই মন্তব্য কৰে। এই অনুষ্ঠানৰ অন্তত ৰাজ্যপাল গৰাকীয়ে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত তেওঁ কেইবাখনো সভাত অংশগ্রহণ কৰে।