ডিব্ৰুগড় জিলাৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত চাবুৱা বহুমুখী সমবায় সমিতি লিমিটেড আৰু লুইত বহুমুখী সমবায় সমিতি লিমিটেডৰ সহযোগত ৰাষ্ট্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি স্বাৱলম্বী ভাৰত শীৰ্ষক এটা বিশেষ অনুষ্ঠান কালি অনুষ্ঠিত হয়। চাবুৱা লাহোৱাল পঞ্চায়তৰ অন্তৰ্গত ৰহমৰীয়া গেনিচুকৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোত ভালেসংখ্যক স্থানীয় লোক, সমবায় কর্মী, হস্ততাঁত শিল্পৰ সৈতে জড়িত ব্যক্তি তথা বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। স্থানীয় স্তৰত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা, সমবায়ৰ জৰিয়তে আত্ম উদ্যমক আগবঢ়োৱা আৰু হস্ততাঁত শিল্পৰ প্ৰচাৰ-প্ৰসাৰেই এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য। ইয়াৰ জৰিয়তে গাঁও আৰু নগৰাঞ্চলৰ সমবায় সমিতিবোৰৰ কাৰ্যক্ষমতা আৰু ভৱিষ্যতৰ বিষয়েও আলোচনা কৰা হয় ৷
Assamese | August 19, 2025 1:36 PM | Akashvani News | chabuwa | Dibrugrah
ডিব্ৰুগড়ত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত স্বাৱলম্বী ভাৰত শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত