ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ’ বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। এই খহনীয়াই নগৰখনৰ জগাৰ্ছ পার্ককে ধৰি নদীকাষৰীয়া ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই অনাত জনসাধাৰণ আতংকিত হৈ পৰিছে। আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই খহনীয়াৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কালি নিশাৰে পৰা অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰা হৈছে।
Assamese | October 8, 2025 6:57 PM | Akashvani | Akashvani Guwahati | Brahamputra | Dibrugarh | Local news
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে