September 23, 2026 7:46 PM | Zubin Hearing

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰৰ সাক্ষ্য প্রদান

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত আছে। আজি আদালতত ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰে সাক্ষ্য প্রদান কৰে। সাক্ষ্য প্রদান কালত অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই অভিমন্যু তালুকদাৰক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে। কিন্তু সময়ৰ অভাৱৰ বাবে বাকী থকা অভিযুক্ত পক্ষৰ অধিবক্তাৰ তালুকদাৰক জেৰা কৰা প্ৰক্ৰিয়া সম্পূর্ণ নহ’ল। আদালতে তালুকদাৰক কাইলৈ পুৱা চাৰে ১০ বজাত পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত পূর্বে প্রবাসী অসমীয়া পৰীক্ষিত শর্মা, সুস্মিতা গোস্বামী, প্রতীম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিও লাংছাথ নাৰ্জাৰীয়ে সাক্ষ্যদান কৰিছে।