গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন ৩ ছেপ্তেম্বৰ ধাৰ্য কৰিছে। ন্যায়াধীশ অঞ্জন মণি কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত অভিযুক্তদ্বয়ৰ জামিনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে ফাষ্টট্রেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাই উচ্চ ন্যায়ালয়ত পৃথকে দাখিল কৰা আৱেদন দুখনৰো পৰবৰ্তী শুনানিৰ বাবে আদালতে ১৭ আগষ্টৰ দিনটো ধাৰ্য কৰে।
Assamese | August 13, 2026 8:44 PM | Zubin Garg hearing
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্তৰ জামিন আবেদনৰ শুনানিৰ দিন ৩ ছেপ্তেম্বৰ