জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত নিচামুক্তি ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথত আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত জিলা আয়ুক্তগৰাকীয়ে সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে। অভিযানৰ সৈতে সংগতি ৰাখি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। অনাগত সময়ত জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু সামাজিক স্থানত নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে।
Assamese | June 19, 2025 6:55 PM | Akashvani | Akashvani Guwahati | Local news
নিচামুক্তি ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথত ভিন্ন কাৰ্যসূচী ৰূপায়ণ