প্ৰযুক্তিৰ ফলপ্রসূ ব্যৱহাৰৰ বাবে সম্প্ৰতি চৰকাৰে জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৪৯ সংখ্যক অসামৰিক হিচাপ-নিকাচ দিৱস উদযাপন সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, যে চৰকাৰী সেৱাসমূহ জনসাধাৰণলৈ বৈদ্যুতিন ব্যৱস্থাৰে উপলভ্য কৰোৱাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ডিজিটেল ইণ্ডিয়া উদ্যমে যথেষ্ট সহায় কৰিছে। তেওঁ কয়, যে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালীৰ মাধ্যমেৰে ৬০ কোটি হিতাধিকাৰীক স্বচ্ছসেৱা প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয়, যে এই প্ৰণালীৰ জৰিয়তে এহেজাৰ ২১১ খন আঁচনি পৰিচালনা কৰা হৈছে আৰু ইয়াৰে ১১০০খন আঁচনি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ অধীনৰ। ভাৰতীয় অসামৰিক হিচাপ-নিকাচ সেৱাৰ বিষয়াসকলৰ ভূমিকাৰ প্ৰশংসা কৰি শ্ৰীমতী সীতাৰমণে কয়, যে চলিত বিত্তীয় বৰ্ষত বিভাগে ১৭ হাজাৰৰো অধিক পেন্সনভোগীৰ ওজৰ-আপত্তি নিষ্পত্তি কৰিছে।
Assamese | March 1, 2025 8:46 PM | FM Nirmala Sitharaman says
জনসাধাৰণৰ পৰা সংগৃহীত কৰৰ উন্নত ব্যৱস্থাপনা সম্ভৱ হৈ উঠিছে : মন্ত্ৰী নির্মলা সীতাৰমণ