August 18, 2026 8:21 PM | Anti-Drugs Campaign

printer

জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে বিভিন্ন কার্যসূচী গ্ৰহণ

২ আগষ্টৰ পৰা দেশজুৰি অব্যাহত থকা নিচামুক্ত ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্রান্তত জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে বিভিন্ন কার্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্রীয় যোগাযোগ ব্যুৰ’ গুৱাহাটীৰ উদ্যোগত গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ত আজিৰে পৰা নিচামুক্ত ভাৰত আৰু লোকপিয়ল ২০২৭ সন্দর্ভত সজাগতা কার্যসূচী অনুষ্ঠিত হৈছে। এই উপলক্ষে এখন প্রদর্শনীৰো আয়োজন কৰা হৈছে। কেন্দ্রীয় যোগাযোগ ব্যুৰ’ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান কৃপা শংকৰ যাদবে এই অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ উদ্দেশ্য সম্পর্কে অৱগত কৰে-

নুমলীগড় শোধনাগাৰৰ সৌজন্যত মেৰাপানী ফাউণ্ডেচন আৰু সামাজিক উন্নয়ন ফ’ৰামৰ সহযোগত আজি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। ইপিনে ৰাজ্যৰ বিভিন্ন প্রান্তত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

গুৱাহাটীৰ কামাখ্যা ৰে’লৱে ষ্টেচনত কালি প্রায় ২ কোটি টকা মূল্যৰ মাদক দ্রব্য জব্দ কৰা হয়। কালি মাজনিশা মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু ৰে’ল সুৰক্ষা বাহিনীয়ে এক কিলোগ্রামৰো অধিক হেৰ’ইনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। একেদৰে ওদালগুৰি জিলাৰ লালপানী আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱানিশা অভিযান চলাই ৫৬ কিলোগ্রামৰো অধিক ভাং জব্দ কৰে।