প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চীনৰ কুইংডাওত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কালি সন্ধিয়া চীনত উপস্থিত হয়। এই দুদিনীয়া বৈঠকত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা, সন্ত্ৰাসবাদ প্রতিহত কৰাৰ প্ৰচেষ্টা আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়সমূহৰ মাজত সহযোগিতা বৃদ্ধিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে। শ্রীসিঙে বৈঠকত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ নির্মূলৰ বাবে যুটীয়া আৰু নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আহ্বান জনোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ সুযোগতে তেওঁ চীন আৰু ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
২০০১ চনত গঠন হোৱা ছাংহাই সহযোগিতা সংস্থা হৈছে এটা আন্তঃচৰকাৰী সংস্থা। ২০১৭ চনত ভাৰত ইয়াৰ পূৰ্ণাংগ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। সম্প্রতি এই সংস্থাত কাজাখস্তান, চীন, কির্গিস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান, উজবেকিস্তান, ইৰান, বেলাৰুছ আৰু ভাৰত সদস্য ৰাষ্ট্ৰ হিচাপে আছে৷
Assamese | June 26, 2025 10:48 AM | Rajnath Singh
ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং