July 3, 2026 8:41 PM | PM Visit

printer

ছদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ইণ্ডোনেচিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা সোমবাৰে ছদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেচিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয়, যে শ্রীমোদীয়ে ৬ জুলাইৰ পৰা ৮ জুলাইলৈ ইণ্ডোনেচিয়াত থাকিব। এই সময়ছোৱাত প্রধানমন্ত্রীয়ে জাকার্টাত বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ যজ্ঞকৰ্তালৈ যাব। তেওঁ কয় যে ইণ্ডেনেচিয়া ভ্ৰমণৰ সময়চোৱাত দেশ দুখনৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সচিব শ্রীটেণ্ডনে কয় যে ভ্ৰমণৰ দ্বিতীয় পর্যায়ত প্রধানমন্ত্রী ৮ জুলাইৰ পৰা ১০ জুলাই অস্ট্রেলিয়ালৈ যাব। অস্ট্রেলিয়াৰ মেলবৰ্ণত প্রধানমন্ত্রী ভাৰত-অষ্ট্ৰেলিয়া বার্ষিক সম্মিলনত ভাগ লব। সন্মিলনত খনি, চাইবাৰ সুৰক্ষা, আধুনিক প্রযুক্তি আদি বিভিন্ন বিষয় সন্দর্ভত আলোচনা অনুষ্ঠিত হ’ব। ত্রিদেশীয় ভ্রমণৰ শেষ পর্যায়ত ১০ আৰু ১১ জুলাইত প্রধানমন্ত্রী নিউজিলেণ্ডত উপস্থিত হ’ব। শ্রী মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লুকচনৰ সৈতে বৈঠকত মিলিত হ’ব। সচিবগৰাকীয়ে কয় যে বিগত ৪০ বছৰত শ্রীমোদী হ’ব নিউজিলেণ্ড ভ্রমণ কৰা প্রথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী।