◆ চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।
চি আৰ পি এফে ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক বাবাতু গগৈক আটক কৰিছে। চালকজনক ইতিমধ্যে মেৰাপানী আৰক্ষীক গতাই দিয়া হৈছে।
Assamese | July 5, 2025 12:49 PM | Akashvani Guwahati | CRPF | Golaghat | Local news
চি আৰ পি এফৰ অভিযানত মেৰাপানীৰ সীমান্তত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ