November 4, 2026 11:22 AM

views 5

চি আৰ পি এফে প্ৰথমবাৰৰ বাবে কোনোধৰণৰ প্রাণহানিৰ ঘটনা নঘটাকৈ এবছৰ সম্পূৰ্ণ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী- চি আৰ পি এফে বিগত ৪৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে দায়িত্ব সম্পাদনৰ সময়ত কোনোধৰণৰ প্ৰাণহানিৰ ঘটনা নঘটাকৈ একেৰাহে এবছৰ সম্পূৰ্ণ কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয় যে প্রাণহানিৰ ক্ষেত্ৰত এই শূন্য অংকটোৱে বিশাল অর্থ বহন কৰে। যোৱা বছৰটোত অৰ্ধসামৰিক বাহিনীটোৰ কোনো এজন সদস্যৰ প্ৰাণহানি নোহোৱাটো গুৰুত্বপূৰ্ণ বিষয় বুলি তেওঁ কয়। উল্লেখযোগ্য যে সামাজিক মাধ্যমত চি আৰ পি এফৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে বিগত ৫০ বছৰত বাহিনীটোৱে...

July 5, 2025 12:49 PM

views 47

চি আৰ পি এফৰ অভিযানত মেৰাপানীৰ সীমান্তত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

◆ চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। চি আৰ পি এফে ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক বাবাতু গগৈক আটক কৰিছে। চালকজনক ইতিমধ্যে মেৰাপানী আৰক্ষীক গতাই দিয়া হৈছে।