কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী- চি আৰ পি এফে বিগত ৪৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে দায়িত্ব সম্পাদনৰ সময়ত কোনোধৰণৰ প্ৰাণহানিৰ ঘটনা নঘটাকৈ একেৰাহে এবছৰ সম্পূৰ্ণ কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয় যে প্রাণহানিৰ ক্ষেত্ৰত এই শূন্য অংকটোৱে বিশাল অর্থ বহন কৰে। যোৱা বছৰটোত অৰ্ধসামৰিক বাহিনীটোৰ কোনো এজন সদস্যৰ প্ৰাণহানি নোহোৱাটো গুৰুত্বপূৰ্ণ বিষয় বুলি তেওঁ কয়। উল্লেখযোগ্য যে সামাজিক মাধ্যমত চি আৰ পি এফৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে বিগত ৫০ বছৰত বাহিনীটোৱে কাৰ্য সম্পাদনৰ সময়ত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা সন্দৰ্ভত তথ্য প্রকাশ কৰে। এই অনুসৰি বিগত বছৰৰ ৩০ অক্টোৰত শেষৰটো প্ৰাণহানি হৈছিল। তেওঁ কয় যে উন্নত ব্যৱস্থা আৰু প্ৰশিক্ষণ, কৌশলগত পৰিকল্পনা আৰু আহতসকলক শীঘ্ৰে প্ৰাথমিক আৰু জৰুৰীকালীন চিকিৎসা প্রদান সম্ভৱ হৈ উঠাৰ ফলত প্রাণহানিৰ ঘটনা ৰোধ কৰিব পৰা গৈছে। তেওঁ লগতে কয় যে যিকোনো অভিযানৰ সময়ত ২৪ ঘণ্টাই হেলিকপ্টাৰ সেৱা আৰু এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা ৰখাৰ ফলত এই সফলতা লাভ কৰিব পৰা গৈছে।
Assamese | November 4, 2026 11:22 AM | CRPF
চি আৰ পি এফে প্ৰথমবাৰৰ বাবে কোনোধৰণৰ প্রাণহানিৰ ঘটনা নঘটাকৈ এবছৰ সম্পূৰ্ণ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ