ৰাজ্যৰ স্বাস্থ্য খণ্ডক অধিক উন্নত, প্রযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম CSR ROUND TABLE 2.0 শীর্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই অনুষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয়, যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ জৰিয়তে ৰাজ্যজুৰি কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ ফলত ৰোগীসকলে ৰাজ্যৰ ভিতৰতে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি শ্রী সিংহলে উল্লেখ কৰে। বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ ভূমিকাত আলোকপাত কৰি তেওঁ কয়, যে সুস্থ সমাজ গঢ়াৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই স্বাস্থ্য সচেতনতা সৃষ্টি কৰিব লাগিব। শ্রী সিংহলে উল্লেখ কৰে যে স্বাস্থ্যখণ্ডৰ চৰকাৰৰ বৃহৎ বিনিয়োগ অব্যাহত আছে যদিও কোনো কোনো ক্ষেত্ৰত দ্রুত বিকাশৰ বাবে কৰ্প’ৰেট সামাজিক দায়ৱদ্ধতাৰ অংশীদাৰিত্বও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে তেওঁ প্ৰযুক্তি প্রতিষ্ঠান, চিকিৎসা সঁজুলি নির্মাতা সংস্থা, বিনিয়োগকাৰী শিক্ষানুষ্ঠান আৰু ষ্টার্টআপসমূহক ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ৰূপান্তৰমূলক যাত্ৰাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Assamese | June 10, 2026 6:12 PM | csr round table 2.0
চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত অসম CSR ROUND TABLE 2.0 শীর্ষক অনুষ্ঠান