সমগ্ৰ দেশ আৰু বিদেশৰ ১৩ খন চহৰৰ ৫ হাজাৰৰো অধিক কেন্দ্ৰত আজি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বজালৈ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষা নীট-ইউ জি অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ বাবে ২২ লাখ ৭০ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। এই পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে।
Assamese | May 4, 2025 11:36 AM | National Testing Agency
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জি আজি অনুষ্ঠিত হ′ব