গ্রীষ্মৰ দিনসমূহত দেশৰ বিভিন্ন অংশত হ’ব পৰা গ্ৰীষ্ম প্রবাহৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্রীয় মানৱাধিকাৰ আয়োগে দেশৰ ১১ খন ৰাজ্যলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। আয়োগে আর্থিকভাৱে দুৰ্বল, ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ যোৱা শ্রমিক, বয়োজ্যেষ্ঠ লোক, শিশু, গৃহহীন তথা আশ্রয়হীন লোকৰ বাবে গ্ৰীষ্মৰ সময়ছোৱাত বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। আয়োগে আহ্বান জনোৱা এই ৰাজ্যসমূহ হৈছে পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, অন্ধ্রপ্রদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থান। এই ১১ খন ৰাজ্যৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা পত্ৰত গ্ৰীষ্মৰ সময়ছোৱাত সমাজৰ আর্থিকভাৱে দুৰ্বল আৰু গৃহহীন লোকসকলৰ বাবে আশ্রয়স্থান, সাহায্য সামগ্ৰীৰ যোগান, কৰ্মসময় সংশোধন আৰু গ্ৰীষ্মজনিত ৰোগসমূহৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। গ্ৰীষ্মৰ সময়ছোৱাত জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহ সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈও আয়োগে আহ্বান জনাইছে।
Assamese | May 1, 2025 9:22 PM | National Human Rights Commission India
গ্ৰীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ১১ খন ৰাজ্যলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাষ্ট্রীয় মানৱাধিকাৰ আয়োগৰ আহ্বান