July 15, 2026 8:23 PM | awareness meeting

printer

গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ সভাৰ আয়োজন

গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আযুক্ত কার্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্রদীপ টিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চিচি টিভি স্থাপন, ফুট ব্রীজ নির্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকী বিষয়া আৰু অভিযন্তাই অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।