গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দ্বীপেন পাটৰক আটক কৰিছে। গোলাঘাট জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আজি এখন সংবাদ মেলত প্রকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতেই আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে অ এন জি চিৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া শ্ৰীপাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰো তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে, সৰুপথাৰৰ তেল চুৰি কাণ্ডত এতিয়ালৈকে মহিলাসহ মুঠ পাঁচজন লোকক আটক কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত অঞ্চলটোৰ আন কেইবাজনো লোক ইয়াৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই চুৰি তেল পশ্চিম বংগলৈ সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে। ইতিমধ্যে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই কাণ্ডৰ সৈতে জড়িত লোকৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে পশ্চিম বংগতো অভিযান চলাব বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | September 10, 2026 7:42 PM | Police Arrest
গোলাঘাটত খাৰুৱা তেল চুৰিৰ অভিযোগত আৰক্ষী অধীক্ষক দ্বীপেন পাটৰক আটক