September 10, 2026 7:42 PM
3
গোলাঘাটত খাৰুৱা তেল চুৰিৰ অভিযোগত আৰক্ষী অধীক্ষক দ্বীপেন পাটৰক আটক
গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দ্বীপেন পাটৰক আটক কৰিছে। গোলাঘাট জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আজি এখন সংবাদ মেলত প্রকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতেই আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে অ এন জি চিৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া শ্ৰীপাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰো তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে, সৰুপ...