গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুল সমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে কালি সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্রাদেশিকৃত হাইস্কুলসমূহত প্রধান শিক্ষক পদলৈ পদোন্নতিৰ বাবে জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকা ১০ দিনৰ ভিতৰত বন্ধ খামত দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সমগ্ৰ বিষয়টো অতি জৰুৰী হিচাপে বিবেচনা কৰিবলৈও নির্দেশনাটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশোধিত অসম মাধ্যমিক শিক্ষা সেৱা বিধিৰ অধীনত ৰাজ্যৰ হাইস্কুলসমূহত প্রধান শিক্ষক নিযুক্তি প্রক্রিয়া ক্ষীপ্ৰ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে। এনে নিৰ্দেশনাৰ পাছতে এতিয়া চৰকাৰে হাইস্কুলসমূহত নিয়মীয়া প্ৰধান শিক্ষক নিযুক্তি প্ৰদানৰ বাবে তৎপৰতা চলাইছে।
Assamese | March 2, 2025 8:57 PM | Gauhati High Court Direction
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ হাইস্কুলসমূহত প্রধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত