July 16, 2026 7:44 PM | Assam CM Meet

printer

গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্রশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্রিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্রুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰগঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ পুনৰগঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পর্যালোচনা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাত নগৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাৰ বৃহৎ পৰিকল্পনাৰো পৰ্যালোচনা কৰে। তেওঁ কেন্দ্ৰসমূহৰ বিত্তীয় পৰিকাঠামো, প্রশাসনিক প্রক্রিয়া আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ ৰণনীতিৰ মূল্যায়ন কৰে। উল্লেখযোগ্য যে জনসাধাৰণৰ বৰ্ধিত আৱশ্যকতা পূৰণ, ঔদ্যোগিক বিকাশ আৰু কর্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে এই সমন্বিত নগৰ বিকাশ কেন্দ্ৰসমূহ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।