July 16, 2026 7:44 PM

views 6

গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্রশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্রিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্রুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰগঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ পুনৰগঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কামৰূ...

October 16, 2025 8:22 PM

views 35

শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ

ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। লোকনির্মাণ বিভাগক সমাধি প্রকল্প নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এখন বিশেষ সমিতিয়ে সমাধি প্ৰকল্পত অনুমোদন জনাব বুলি উল্লেখ কৰি তেওঁ কয়, যে এই সমিতিত শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গ প্ৰমুখ্যে ১১ জন ব্যক্তি আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলিব বুলি মুখ...

October 11, 2025 7:31 PM

views 45

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে : মুখ্যমন্ত্ৰী

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্রকাশ কৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ উপস্থিতিত আজি গুৱাহাটীত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ পূৰ্বাঞ্চলীয় আঞ্চলিক সন্মিলনত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত ন্যায়িক লাভৰ ক্ষেত্ৰত সৰ্বসাধাৰণৰ বাবে সম সুযোগ সৃষ্টি আৰু সকলো নাগৰিকৰ বাবে ন্যায় ...

June 17, 2025 8:22 PM

views 28

২০ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ

ডিব্ৰুগড়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অহা ২০ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ হ'ব। সেইদিনাই যোৰহাটৰ পৰা নতুন দিল্লীলৈ আন এখন নতুন বিমানৰ উৰণো আৰম্ভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ তিনিখন জিলা ডিব্ৰুগড়, লখিমপুৰ আৰু শিৱসাগৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত এখন সংবাদ মেলত আজি এই কথা প্ৰকাশ কৰে। ইণ্ডিগ' বিমান সংস্থাৰ সৈতে হোৱা বৈঠক মৰ্মে এই সেৱা আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড০ শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ অ' এ...

March 1, 2025 8:04 PM

views 40

২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ

ৰাজ্য চৰকাৰে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা বার্তাযোগে কয়, যে অসমে এই বছৰ ৬ লাখ কোটি টকাৰ জি এছ ডি পি প্রাপ্ত কৰাৰ দিশত আন্তৰিকতাৰে কাম কৰি থকাৰ লগতে অর্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিকল্পনা প্রস্তুত কৰিছে। তেওঁ আজি অসম বাজেট ২০২৫ সন্দৰ্ভত আলোচনা কৰিবলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰে।