গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জোনাকী মেল শীর্ষক এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শিল্পগ্রাম প্ৰেক্ষাগৃহত সন্ধিয়া পাঁচ বজাত হ’বলগীয়া এই অনুষ্ঠান লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সোঁৱৰণ ন্যাসৰ সহযোগত আয়োজন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্র নির্মাতা আৰু নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি ৰূপে পৰিচিত। তেওঁ ৰচনা কৰা গীতসমূহ অসমীয়া গীতি সাহিত্যৰ অনুপম সম্পদ। ১৯০৪ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা গীতিকবিজনাৰ ১৯৬৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল।
Assamese | June 7, 2025 10:38 AM | Parbati Prasad Baruah
গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে জোনাকী মেল শীর্ষক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন