গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্র নির্মাতা আৰু নাট্যকাৰ হিচাপে প্রসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্র নির্মাণ কৰিছিল। ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি পদ তেওঁ অলংকৃত কৰিছিল।
১৯৬৪ চনৰ আজিৰ দিনটোত দেহাবসান ঘটা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতি, শুকুলা ডাৱৰ ঐ কহুৱা ফুল আদিৰ গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰিছে। চৰাইদেউ জিলাৰ সোণাৰীত আজি গীতিকবিগৰাকীৰ স্মৃতি দিৱস পালন কৰা হয়। আজি সোণাৰীত উজনি অসম ভিত্তিত পার্বতী প্রসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতা ভালেসংখ্যক প্রতিযোগীয়ে অংশ লয়। দুটা শাখাত বিভক্ত প্রতিযোগিতাৰ উচ্চ শাখাত ১৬ গৰাকী আৰু নিম্ন শাখাত ৬৪ গৰাকী প্রতিযোগীয়ে অংশলৈ গীত পৰিবেশন কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পুণ্যতিথিত গীতিকবিক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত ড° শৰ্মাই বৰুৱাৰ সৃষ্টিৰাজি প্ৰতিগৰাকী অসমীয়াৰ মানস পটত সজীৱ হৈ থাকিব বুলি আশা প্রকাশ কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও গীতিকবিগৰাকীৰ পূণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছে।