গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে কাৰ্টাৰৰ দোহাত ইজৰাইলৰ সৈতে পৰোক্ষ আলোচনা আৰম্ভ হোৱা বুলি হামাছে নিশ্চিত কৰিছে। হামাছে এটা বিবৃতিত কয় যে শেহতীয়া আলোচনাত স্থায়ী যুদ্ধ বিৰতি স্থাপন আৰু গাজাৰ পৰা ইজৰাইলী বাহিনীৰ প্ৰত্যাহাৰ নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি স্থানচ্যুত পেলেষ্টাইনীসকলক নিৰাপদে আৰু সুকলমে ঘুৰি অহাৰ সুবিধা প্ৰদান কৰা।
বৃস্পতিবাৰে ইজৰাইল কৰ্তৃপক্ষই কয় যে যুদ্ধবিৰতি আলোচনাৰ বাবে দোহালৈ এটা প্ৰতিনিধিৰ দল প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে দেশখনৰ প্ৰধানমন্ত্রী ব্রেঞ্জামিন নেতানেহুৱে এটা বিবৃতি নিশ্চিত কৰিছিল যে মুছাদ, শ্বীন বেট আৰু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিনিধি দলে আলোচনা অব্যাহত ৰাখিব। উল্লেখযোগ্য যে কাটাৰ, ইজিপ্ত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত বিগত এবছৰতকৈও অধিক কাল ধৰি এই আলোচনা চলি আছে। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাৰ্টজে কঠোৰ সতর্কবাণী জাৰি কৰি কয় যে যদিহে হামাছে পণবন্দীসকলক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ চুক্তিত সন্মতি নিদিয়ে তেন্তে ইজৰাইলে গাজাত সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিব।
Assamese | January 4, 2025 5:55 PM | israel hamas
গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে দোহাত ইজৰাইলৰে পৰোক্ষ আলোচনা আৰম্ভ হৈছে : হামাছ