কেন্দ্রীয় মন্ত্রীসভাই এখন সম্প্ৰসাৰিত খেলো ইণ্ডিয়া আঁচনিত অনুমোদন জনোৱাৰ লগতে ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেছনলৈ আগবঢ়োৱা পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০২৬-২৭ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ খেলো ইণ্ডিয়াৰ নতুন সম্প্ৰসাৰিত আঁচনি আৰু ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেছনৰ বাবে মুঠ ৩৬ হাজাৰ ৪৪১ কোটি টকা ধাৰ্য কৰা হৈছে।
নতুন দিল্লীত সাংবাদিকৰ আগত এইকথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰৰ এই সিদ্ধান্তই ক্রীড়া শক্তিৰ জৰিয়তে যুৱ প্ৰজন্মক আগুৱাই নিয়া আৰু ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্রতিফলিত কৰিছে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে প্ৰতিগৰাকী প্ৰতিভাৱান যুৱক-যুৱতীয়ে নিজৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰে। সেয়া সুনিশ্চিত কৰা।
তেওঁ লগতে কয় যে এই আঁচনিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে দেশৰ খেলুৱৈসকলে খেল প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। মন্ত্ৰীসভাই ২০৩০-৩১ বিত্তীয় বৰ্ষৰ বাবে সমুদ্র মন্থন আঁচনি ৰূপায়ণৰ উদ্দেশ্যে ৮৪ হাজাৰ কোটি টকা আবণ্টন দিছে।