খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি স্বাস্থ্য চিন্তন শিবিৰ অনুষ্ঠিত হয়। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আয়োজিত এই শিবিৰত স্বাস্থ্যমন্ত্রী অশোক সিংহল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। চৰকাৰৰ বিশেষজ্ঞ পদসমূহৰ পূৰণৰ বাবে পর্যাপ্ত পুঁজি আছে যদিও চৰকাৰী খণ্ডত কাম কৰিব বিচৰা চিকিৎসকৰ অভাৱত এইক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে বুলি স্বাস্থ্যমন্ত্রী শ্রীসিংহলে প্রকাশ কৰে। শিবিৰত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে পৰিস্থিতি ক্রমাৎ পৰিবৰ্তন হৈছে। তেওঁ কয়, যে বিগত ১০ বছৰত ৰাজ্যত ৮ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খন শীঘ্রে কার্যক্ষম হৈ উঠিব। ৰাজ্যত ৰাজহুৱা স্বাস্থ্য সেৱাৰ ব্যৱহাৰৰ পৰিসৰৰ বিষয়ে আলোকপাত কৰি শ্রীসিংহলে কয়, যে চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে প্রায় চাৰে ৪ কোটি বহিঃবিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰে। চিকিৎসা লাভ কৰা ৰোগীৰ এই বৃহৎ সংখ্যাই ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰতি জনসাধাৰণৰ আস্থাকে প্ৰতিফলিত কৰে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আজিৰ এই শিবিৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সাম্প্ৰতিক অগ্রগতি, সফলতা আৰু কৰ্মদক্ষতাৰ সূচকসমূহৰ লগতে প্রত্যাহ্বানসমূহ সন্দর্ভতো বিস্তৃতভাবে আলোচনা কৰা হয়। শিবিৰত অংশ লোৱা প্ৰতিটো প্রতিষ্ঠানে নিজৰ তিনিটা উল্লেখযোগ্য সাফল্য আৰু ৫টা গুৰুত্বপূৰ্ণ কৰ্মদক্ষতাৰ সূচক উপস্থাপন কৰে। ইয়াৰ লগতে অহা ছমাহৰ পৰা এবছৰৰ ভিতৰত ৰূপায়ণ কৰিব পৰা নতুন পদ্ধতি, চিকিৎসা সেৱা ব্যৱস্থা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীয়ে ৰাজ্যৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থাক অধিক দক্ষ, দায়বদ্ধ আৰু জনমুখী কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে।
Assamese | August 18, 2026 8:15 PM | Chintan Campaign
খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য চিন্তন শিবিৰ