কোকৰাঝাৰত আজি প্ৰাক্তন মন্ত্রী তথা জনজাতীয় নেতা ৰূপনাথ ব্ৰহ্মৰ ১২৪ সংখ্যক জয়ন্তী পালন কৰা হয়। আধুনিক কোকৰাঝাৰৰ খনিকৰস্বৰূপ প্ৰয়াত ব্ৰহ্ম বড়ো জনগোষ্ঠীৰ প্ৰথমজন আইনৰ স্নাতক, প্ৰথমগৰাকী বিধানসভাৰ সদস্য, অসম মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱা বড়ো জনগোষ্ঠীৰ প্ৰথম মন্ত্ৰী আছিল। জয়ন্তী উপলক্ষে কোকৰাঝাৰ চহৰৰ প্ৰগতি ভৱনত নেতাগৰাকীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে তেওঁৰ জন্মস্থান ওৱাবাৰীত এটা স্মৃতিসৌধ মুকলি কৰা হয়। বি টি আৰ প্ৰধান প্ৰমোদ বড়ো আৰু বড়ো সাহিত্য সভাৰ সভাপতি সুৰৰ্থ নাৰ্জাৰীয়ে প্ৰতিমূৰ্তি আৰু স্মৃতিসৌধ মুকলি কৰি পুষ্পাঞ্জলি অর্পণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন নেতাগৰাকীৰ জীৱন দৰ্শন আৰু শিক্ষা, ৰাজনীতি, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানক সামৰি এখন আলোচনাচক্রও অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত বহুকেইজন জ্যেষ্ঠ নাগৰিক, শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তিয়ে অংশ লয়।
Assamese | June 15, 2025 8:05 PM | Rupnath Brahma Tribute
কোকৰাঝাৰত জনজাতীয় নেতা ৰূপনাথ ব্ৰহ্মৰ ১২৪ সংখ্যক জয়ন্তী পালন