August 21, 2026 7:21 PM | Assam Meet Joshi

printer

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী ড০ শৰ্মাই কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্রকাশ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ অসমৰ প্রতি ইতিবাচক মনোভাৱ আৰু সমর্থনৰ বাবে প্রশংসা কৰে। মন্ত্রী শ্রী যোশীয়ে এছ এন এ- স্পর্শ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনলৈ পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলৰ বাবে আর্থিক সহায় নিশ্চিত কৰাত আলোকপাত কৰে। ইয়াৰ জৰিয়তে ৰাজ্যত সমগ্ৰ শিক্ষা ৰূপায়ণ অধিক শক্তিশালী আৰু সফল হ’ব বুলি আশা কৰা হৈছে। এই বৈঠকতে খাদ্য আৰু অসামৰিক যোগান তথা নৰীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰত ৰাজ্যখনক সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্র-ৰাজ্য সহযোগিতামূলক পদক্ষেপক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।