September 9, 2026 8:07 PM | Agri. Minister Meet

printer

কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু শীর্ষ বিষয়াৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

কৃষিমন্ত্রী পীযুষ হাজৰিকা আজি জনতা ভৱনৰ কাৰ্যালয়ৰ সম্মিলন কক্ষত কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু শীর্ষ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত অসমত মাখনা খেতি আৰু ইয়াৰ অগ্রগতি সন্দর্ভত পর্যালোচনা কৰা হয়। সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে চলিত বৰ্ষত ৰাজ্যত প্রায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে উপযুক্ত অঞ্চল চিনাক্তকৰণ, বীজ বিতৰণ আৰু কৃষকসকলক প্রশিক্ষণ প্রদানৰ কাম চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। অনাগত সময়ত কৃষকসকলক আৰু অধিক মাখনাৰ বীজ প্রদান কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৈঠকত ফলৰ পুলি বিতৰণৰ অগ্ৰগতি আৰু উদ্যানশস্যৰ প্ৰসাৰ তথা কৃষকসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণ কৰা অন্যান্য ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্রী শ্রীহাজৰিকাই ৰাষ্ট্ৰীয় খোৱা তেল অভিযান-তৈল খেজুৰৰ অগ্ৰগতিৰ সন্দৰ্ভতো পর্যালোচনা কৰে। তেওঁ এই অভিযানৰ সৈতে জড়িত সকলো অংশীদাৰক কাম-কাজ ত্বৰান্বিত কৰিবলৈ আৰু ৰাজ্যত তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, বিগত মাহত তৈল খেজুৰ ৰোপণৰ ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যৰ ৯৯.৫ শতাংশ সফলতা লাভ কৰা গৈছে। এই বৈঠকতে কৃষি বিভাগৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ প্ৰদৰ্শন আৰু ভৱিষ্যত বিকাশৰ সম্ভাৱনা সমূহৰ বিষয়তো আলোচনা কৰা হয়। বৈচিত্রময় কৃষি তথা উচ্চ মূল্যৰ শস্যৰ উৎপাদনৰ বাবে কৃষকসকলক উৎসাহিত কৰা আৰু তেওঁলোকৰ বাবে অধিক আয়ৰ সুযোগ সৃষ্টি কৰাটো ৰাজ্য চৰকাৰৰ প্ৰথম আৰু প্ৰধান অগ্ৰাধিকাৰ বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।