June 8, 2026 11:41 AM | Lichhu festival

printer

কৃষিজাত আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে তেজপুৰৰ এক টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ

কৃষিজাত আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন প্ৰাধিকৰণ, এপেডাৰ জৰিয়তে জি আই টেগযুক্ত তেজপুৰৰ এক টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বার্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া তথা জিলা কৃষি বিষয়াই পতাকা জোকাৰি লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়ক ৰাভাই লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি দুই-এদিনতে ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচু ৰপ্তানি কৰা হ’ব বুলি উল্লেখ কৰে।

লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীর্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য-সামগ্ৰী প্ৰস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰে। এই ঋতুকালীন ফলবিধৰ পৰা সংসাধিত খাদ্য প্ৰস্তুত কৰিব পৰা সম্ভাৱনাৰ ওপৰত আৰোপ কৰি এনে বিষয়সমূহৰ প্ৰতি থলুৱা উদ্যোগীসকল আগবাঢ়ি আহিলে এই লাভজনক ব্যৱসায়ত পৰিণত হ’ব বুলি সমল ব্যক্তিসকলে ব্যক্ত কৰে ৷

আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা লিচু উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰু, চেন্নাই, পশ্চিমবংগ, কেৰলম ৰাজ্যৰো লোকসকলে অংশগ্ৰহণ কৰে।